ৰ’দ সনা বৰষূণ (By Anirudha Saikia)
ধুমুহা অহাৰ আগত হেনো নামে এক গভীৰ শান্তি
মই বুজা নাছিলো, সেই শান্তি আছিলা যে তুমি
বহু দিন আগৰে পৰা বেলিটোৰ ৰ’দজাক বৰ শেঁতা,
বৰষুণজাক কিন্তু আছিল বৰ কঠোৰ
সিহঁতে কয় “এই বাৰিষা অন্ত হোৱাৰ পিছত
নামি আহিব এক কোমল বৰষুণৰ মেলা
লগত কিন্তু আহিব লৈ তীব্ৰ ৰ’দ এজাক”
সেই দিনটোৰ বাবে আছিলো মই ৰৈ
বহু অপেক্ষাৰ মূৰত আহিল ৰ’দ সনা বৰষূণ
জিকাই দিলেহি মোৰ অতৃপ্ত মন
মই মাথোঁ জানিবলৈ ব্যাকুল —
তুমি কেতিয়াবা দেখিছানে এনে বৰষুণ?
মোৰ হ’লে বৰকৈ অনুভৱ কৰিব মন
ৰ’দ- বৰষুণে লুতুৰি-পুতুৰি হৈ থকা সেই আকাশখন
তোমাৰ বাৰু কেতিয়াবা মন যায়নে?
অনুভৱ কৰিব এই অপূৰ্ব সুন্দৰ ক্ষণ।
অনিৰূদ্ধ শইকীয়া (04-11-2026)