অব্যক্ত অনুভৱ (by Anirudha Saikia)

তোমাৰ এষাৰি মাততে সাৰ পায়

বুকুৰ উকা চোতালত একাঁজলি পোহৰ,

হৈ পৰে নিমিষতে ধূলিয়ৰি বাট

এক মায়াময় সপোনৰ চহৰ।

তুমি সুধিছিলা— “কেতিয়াকৈ শাম কাটিব

তোমাৰ বুকুৰ এই উদাস ধুমুহা?”

মই হাঁহিছিলোঁ…

কিন্তু বুজাব নোৱাৰিলোঁ,

সেই ধুমুহা তেনেকৈয়ে আছে,

মাথোঁ তোমাৰ চকুৰ এধানি জ্যোতিয়ে

মুহূৰ্তৰ বাবে সিঁচি দিয়ে এখন ৰামধেনুৰ ছাঁ।

হেজাৰটা হেঁপাহ আজিও আধৰুৱা,

হেজাৰটা তৃষ্ণা আজিও ৰৈ গ’ল উকা,

তথাপি এই হৃদয়ৰ সকলো বাট

তোমাৰ নামেৰেই চিনাকি।

Leave a Reply

Anirudha Saikia