আধৰুৱা মই (by Anirudha Saikia)
তুমি কোৱা আকাশখন মুক্ত,
মোৰ বাবে কিন্তু আকাশখনেই কাৰাগাৰ।
তুমি কোৱা বতাহজাক শান্ত,
মোৰ বুকুত বৈছে মাথোঁ ধুমুহাৰ এন্ধাৰ।
তুমি দেখা পাইছা হাতত মুক্তি,
মই দেখোঁ মাথোঁ অতীতৰ অভিসপ্ত দাগ।
আনৰ বাবে হাঁহি হাঁহি মই এতিয়া ভাগৰুৱা,
ভাগি চুৰমাৰ হ’ল মোৰ প্ৰাণৰ প্ৰতিটো ভাগ।
মোৰো এটা শুদ্ধ মন আছিল,
তাতো বিয়পিছিল সেন্দুৰীয়া সুবাস।
কিন্তু এই স্বাৰ্থপৰ সময়ে ,
মোৰ উশাহবোৰকো গছকি থৈ গ’ল।
আনৰ ওঠত হাঁহি আঁকোতে মই নিজেই ভাঙি পৰিলোঁ
হেৰুৱালোঁ নিজকে, আনক সজাওঁতে।
মোৰ বাবে মুক্তি এতিয়া দুষ্প্ৰাপ্য উপহাৰ,
থাকি যাম মাথোঁ এটি আধৰুৱা কবিতাৰ বুকুত।