নিসৰ্গ-অনুৰাগ (by Anirudha Saikia)
নীলা আকাশৰ বিশালতাৰ বুকুত,
যেতিয়া শুকুলা মেঘে আলফুলে খেলে;
মোৰ উগুল-থুগুল মনে তেতিয়া,
প্ৰকৃতিৰ কোলাত হেঁপাহৰ ঘৰ সাজে।
বৰষুণৰ প্ৰথম টোপালটি যেতিয়া নামে,
তপত ধৰিত্ৰীয়ে সানি লয় এক সুবাসিত মায়া;
পাহাৰৰ বুকুত সৰকি পৰা নিয়ৰৰ টোপালত,
সেউজীয়া গছবোৰে বিচাৰি পায় নিজৰে ছায়া।
বৈ যায় নদীখন অনন্ত ভাবে,
মোৰ হৃদয়ত এটি অচিন জোৱাৰ তুলি।
আঘোণৰ সেই সোণালী ধাননি পথাৰ খনি
মলয়া বতাহজাকত নাচি উঠে হালি-জালি।
গধূলিৰ আকাশত পাখি মেলি উৰি ফুৰা মুক্ত চৰাই জাকে,
যেন দি থৈ যায় স্বাধীনতাৰ গান।
এই যে মেঘ-ধেমালি, এই যে নীলা আকাশ,
ইয়াৰ মাজতেই চোন মজি আছে মোৰ হৃদয়-প্ৰাণ ।