বানৰ কৰুণ গান (by Anirudha Saikia)

প্ৰলয়ংকৰী প্লাৱনে গঢ় দিলে কাল নিশাৰ ছাঁ

বুকুৰ কুটীৰ খহাই নিলে, উচন হ’ল গাঁও।

নিমিষতে বিলীন হ’ল গোহালিৰ গৰুহাল,

চকুৰ সমুখতে ধ্বংস হ’ল মৰমৰ হালধীয়া পথাৰখনি।

প্ৰচণ্ড বেগেৰে ছিঙি আনিলে সুৰক্ষাৰ প্ৰাচীৰ,

আশ্ৰয় বিচাৰি ব্যাকুল আজি শ শ যাযাবৰী শিবিৰ।

মুঠিখোৱা মাটিৰো আজি অস্তিত্ব নাইকিয়া,

এইয়াই নেকি যমৰ দুৱাৰত থিয় দি জীয়াই থকা ?

হাহাকাৰ বুকুত বান্ধি ওখ পথৰ কাষৰ তম্বুৰ মাজত,

কেঁচুৱাৰ ক্ৰন্দন আৰু ভোকাতুৰ আইৰ অবুজ গান।

সোণসেৰীয়া পথাৰখন এতিয়া মৰুভূমি

ক্লিক্ ক্লিক্ কেমেৰাত বন্দী মাথোঁ আমাৰ উকা ছবি।

সাহায্যৰ পিয়াহেৰে বাট চাই ৰওঁ প্ৰতিটো পল,

তথাপিও হাৰ মনা নাই, বুকুত আছে সাহস অদম্য অচল।

পানী শুকাব, বালি আঁতৰিব, আকৌ গাম জীৱনৰ গান,

প্ৰকৃতিৰ এই চৰম আঘাততো জিলিকি ৰ’ব মোৰ অসমীয়াৰ প্ৰাণ।

Leave a Reply

Anirudha Saikia