শব্দ ( by Anirudha Saikia)

শব্দৰ অসীম মহাকাশৰ

আমি কেৱল উৰি ফুৰা ধূলিকণা…

প্ৰাণহীন আন্ধাৰতো শব্দই আঁকে চিনাকি ছাঁ,

সেই শব্দৰেই বিষাক্ত পাকত উশাহ হেৰুৱায় গভীৰ নিশাই।

ৰক্তাক্ত বুকুত অমিয়া প্ৰেমৰ চীয়াহীৰ যোগান দিয়ে শব্দই,

কেতিয়াবা হৈ পৰে শত্ৰুৰ বুকুত আঘাত কৰা তীক্ষ্ণ ছুৰী।

শব্দৰ গাত বিয়পে আন্ধাৰ নিশাৰ মায়াবী ৰূপ,

মুহূৰ্ততে সেই শব্দই আকৌ পিন্ধে উকা কফন।

শব্দৰ সুৰত নামি আহে ঈশ্বৰৰ পবিত্ৰ ছাঁ,

শব্দৰ হুংকাৰতেই সাৰ পাই উঠে দানৱ-ৰূপী কায়া।

শব্দই সৃষ্টি, শব্দই ধ্বংস, শব্দই পোহৰ, শব্দই আন্ধাৰ…

এই মহাকাব্যিক পৃথিৱীৰ আমি আন একোৱেই নহয়,

কেৱল শব্দৰ বুকুত মিলি যোৱা

একো একোটা নিসংগ, বিষাদময় ক্ষুদ্ৰ শব্দৰ অৱশেষ।

অনিৰুদ্ধ শইকীয়া ২০-০৭-২০২৬

Comments

Felt something? How about posting a comment below...

  1. Beautifully written.👌🏻

Leave a Reply

Anirudha Saikia