অচিন বাটৰুৱা (by অজান পথিক)
উদিয়মান বেলি,
কাষতে সোণোৱালি ধাননি,
ৰিব ৰিব কৈ এচাটি বতাহ;
এখুজি দুখুজি কৈ
মূৰত মেটমৰা বোজা লৈ
নিজ শিশুটি বকোচাত লৈ
জোলোঙাটিও কান্ধতে আঁৰি
একা বেঁকা বাটেৰে
অচিন অজান বাটৰুৱা যায়গৈ
চকু মুখত ক্লান্তিৰ চিন
ৰ’বলৈও যে আহৰি নাই তেওঁৰ।
_
এখোজ ওচৰ চাপি সুধিলোঁ
হেৰা ককাইটি! কলৈনো যোৱা?
জোলোঙাত বা আনিছা কি?
বোজাটোও অলপ নমোৱা
আইয়ৈ দেহি! কি যে মৰমলগা শিশুটি!
_
অ’ এইয়া মোৰেই শৈশৱ ল’ৰালিকাল
হেৰাই যাব খোজা চাঞ্চলতা খিনি বোকোচাতে তুলি ৰাখিছোঁ
বাস্তৱ যে বৰ কষ্টকৰ।
_
এইয়া চোৱা
জোলোঙাৰ কথা সুধিচা
পুৰণি একেবাৰে, কিজানি ওলাব পাৰে
মোৰ সপোন আৰু নিচুকনিবোৰ
ল’ৰালিৰ হাবিয়াসবোৰ…
আৰু এই বোজা যে মোৰেই এটা অংশ
নমোৱাটো বৰ কঠিন
থাকক দিয়া মূৰতে
যাওঁগৈ এতিয়া
পৰিবৰ্তনৰ গীত গাই গাই
সময় যে তেনেই তাকৰ।